dcsimg
Image of Xanthomonas juglandis
Unresolved name

Prokaryota

প্ৰ'কোষকেন্দ্ৰীয় জীৱ ( Assamese )

provided by wikipedia emerging languages
 src=
এক প্ৰ'কোষকেন্দ্ৰীয় কোষৰ ছবি

প্ৰ'কোষকেন্দ্ৰীয় বা prokaryote হ'ল এককোষী জীৱ যাৰ জিনীয় পদাৰ্থ, মাইট'কন্দ্ৰিয়া আৰু আন কোষাঙ্গৰ কোনো আৱৰণ নাথাকে।[1] prokaryote নামটো গ্ৰীক πρό (pro) "আগত" আৰু κάρυον (karyon) "ফল বা বীজ"ৰ পৰা আহিছে।[2][3] প্ৰ'কোষকেন্দ্ৰীয় জীৱসমূহক আৰ্কিয়া আৰু বেক্টেৰিয়া এই দুটা ভাগত ভগোৱা হয়। আৱৰণ সমৃদ্ধ কোষকেন্দ্ৰ আৰু কোষাঙ্গ থকা প্ৰজাতিবোৰক সংকোষকেন্দ্ৰীয় বোলা হয়।[4] প্ৰ'কোষকেন্দ্ৰীয়বোৰে জনন কোষৰ মিলন নোহোৱাকৈ বংশবৃদ্ধি কৰে। জীৱৰ আৰম্ভণি প্ৰ'কোষকেন্দ্ৰীয়ৰ পৰাই হোৱা বুলি ধাৰণা কৰা হয়।

প্ৰ'কোষকেন্দ্ৰীয়ৰ সকলো কোষীয় উপাদান (প্ৰ'টিন, ডি এন এ আৰু আন পদাৰ্থ) কোষবেৰেৰে আবৃত হৈ একেলগে চাইট'প্লাজমত থাকে, ভিন ভিনকৈ নাথাকে। কিন্তু বেক্টেৰিয়াৰ কোষত প্ৰ'টিন-ভিত্তিক কিছুমান কোঠালি থাকে যিবোৰ আদি-কোষাঙ্গ বুলি ভবা হয়।[5][6] চায়ান'বেক্টেৰিয়াৰ দৰে কিছুমান প্ৰ'কোষকেন্দ্ৰীয়ই বৃহৎ উপনিৱেশ কৰি থাকিব পাৰে। মিক্স'বেক্টেৰিয়াৰ দৰে আন কিছুমানৰ জীৱন চক্ৰত বহুকোষী স্তৰ থাকে।[7]

আণৱিক অধ্যয়নে জৈৱিক প্ৰজাতিৰ তিনিটা গোটৰ ক্ৰমবিকাশ আৰু পাৰস্পৰিক সম্পৰ্কৰ বহু কথা পোহৰলৈ আনিছে।[8] মানুহৰ দৰে সংকোষকেন্দ্ৰীয় জীৱৰ কোষত সুনিৰ্দিষ্ট আৱৰণেৰে আবৃত কোষকেন্দ্ৰ আৰু কোষাঙ্গ থাকে। প্ৰ'কোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্ৰীয়ৰ বিভাজনে কোষৰ সংগঠনৰ দুটা অতি পৃথক স্তৰক সূচায়। এক্সট্ৰিম'ফিল আৰু মিথানোজেনৰ দৰে প্ৰ'কোষকেন্দ্ৰীয় কঠিন বা চৰম পৰিবেধত বাস কৰে।[1]

গঠন

আকৃতি

প্ৰ'কোষকেন্দ্ৰীয় জীৱৰ নানা আকৃতি থাকে; চাৰিটা সাধাৰণ আকৃতিৰ বেক্টেৰিয়া হৈছে:[9]

  • কক্কাছ – ঘূৰণীয়া বা ডিম্বাকৃতিৰ (বহু- কক্কাই)। যেনে ষ্টেফাইল'কক্কাছ।
  • বেচিলাছ – দণ্ডাকৃতিৰ বেক্টেৰিয়া (বহু- বেচিলাই)।
  • স্পাইৰিলাম – সৰ্পিল আকৃতিৰ (বহু- স্পাইৰিলা)।
  • ভাব্ৰিয়াম – ক'মাকৃতিৰ।

হেল'কোৱাড্ৰেটাম নামৰ আৰ্কিবেক্টেৰিয়াৰ চেপেটা বৰ্গাকৃতিৰ কোষ থাকে।[10]

তথ্যসূত্ৰ

  1. 1.0 1.1 NC State University. "Prokaryotes: Single-celled Organisms". http://www.ncsu.edu/project/bio183de/Black/prokaryote/prokaryote1.html.
  2. Campbell, N. "Biology:Concepts & Connections". Pearson Education. San Francisco: 2003.
  3. "prokaryote". Online Etymology Dictionary. http://www.etymonline.com/index.php?term=prokaryote&allowed_in_frame=0.
  4. Coté, Gary; De Tullio, Mario (2010). "Beyond Prokaryotes and Eukaryotes: Planctomycetes and Cell Organization". Nature. http://www.nature.com/scitable/topicpage/beyond-prokaryotes-and-eukaryotes-planctomycetes-and-cell-14158971.
  5. "Protein structures forming the shell of primitive bacterial organelles". Science খণ্ড 309 (5736): 936–8. August 2005. doi:10.1126/science.1113397. PMID 16081736.
  6. "Cell biology of prokaryotic organelles". Cold Spring Harbor Perspectives in Biology খণ্ড 2 (10): a000422. October 2010. doi:10.1101/cshperspect.a000422. PMID 20739411.
  7. "Coupling cell movement to multicellular development in myxobacteria". Nature Reviews. Microbiology খণ্ড 1 (1): 45–54. October 2003. doi:10.1038/nrmicro733. PMID 15040179.
  8. "Insights into the molecular evolution of HslU ATPase through biochemical and mutational analyses". PLOS ONE খণ্ড 9 (7): e103027. July 22, 2014. doi:10.1371/journal.pone.0103027. PMID 25050622.
  9. Microbiology. প্ৰকাশক San Francisco: Pearson Benjamin Cummings. 2006. ISBN 978-0-8053-7693-7. https://archive.org/details/microbiology00robe_yj2.
  10. "Walsby's square bacterium: fine structure of an orthogonal procaryote". Journal of Bacteriology খণ্ড 148 (1): 352–60. October 1981. PMID 7287626. PMC 216199. http://jb.asm.org/cgi/pmidlookup?view=long&pmid=7287626.

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

প্ৰ'কোষকেন্দ্ৰীয় জীৱ: Brief Summary ( Assamese )

provided by wikipedia emerging languages
 src= এক প্ৰ'কোষকেন্দ্ৰীয় কোষৰ ছবি

প্ৰ'কোষকেন্দ্ৰীয় বা prokaryote হ'ল এককোষী জীৱ যাৰ জিনীয় পদাৰ্থ, মাইট'কন্দ্ৰিয়া আৰু আন কোষাঙ্গৰ কোনো আৱৰণ নাথাকে। prokaryote নামটো গ্ৰীক πρό (pro) "আগত" আৰু κάρυον (karyon) "ফল বা বীজ"ৰ পৰা আহিছে। প্ৰ'কোষকেন্দ্ৰীয় জীৱসমূহক আৰ্কিয়া আৰু বেক্টেৰিয়া এই দুটা ভাগত ভগোৱা হয়। আৱৰণ সমৃদ্ধ কোষকেন্দ্ৰ আৰু কোষাঙ্গ থকা প্ৰজাতিবোৰক সংকোষকেন্দ্ৰীয় বোলা হয়। প্ৰ'কোষকেন্দ্ৰীয়বোৰে জনন কোষৰ মিলন নোহোৱাকৈ বংশবৃদ্ধি কৰে। জীৱৰ আৰম্ভণি প্ৰ'কোষকেন্দ্ৰীয়ৰ পৰাই হোৱা বুলি ধাৰণা কৰা হয়।

প্ৰ'কোষকেন্দ্ৰীয়ৰ সকলো কোষীয় উপাদান (প্ৰ'টিন, ডি এন এ আৰু আন পদাৰ্থ) কোষবেৰেৰে আবৃত হৈ একেলগে চাইট'প্লাজমত থাকে, ভিন ভিনকৈ নাথাকে। কিন্তু বেক্টেৰিয়াৰ কোষত প্ৰ'টিন-ভিত্তিক কিছুমান কোঠালি থাকে যিবোৰ আদি-কোষাঙ্গ বুলি ভবা হয়। চায়ান'বেক্টেৰিয়াৰ দৰে কিছুমান প্ৰ'কোষকেন্দ্ৰীয়ই বৃহৎ উপনিৱেশ কৰি থাকিব পাৰে। মিক্স'বেক্টেৰিয়াৰ দৰে আন কিছুমানৰ জীৱন চক্ৰত বহুকোষী স্তৰ থাকে।

আণৱিক অধ্যয়নে জৈৱিক প্ৰজাতিৰ তিনিটা গোটৰ ক্ৰমবিকাশ আৰু পাৰস্পৰিক সম্পৰ্কৰ বহু কথা পোহৰলৈ আনিছে। মানুহৰ দৰে সংকোষকেন্দ্ৰীয় জীৱৰ কোষত সুনিৰ্দিষ্ট আৱৰণেৰে আবৃত কোষকেন্দ্ৰ আৰু কোষাঙ্গ থাকে। প্ৰ'কোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্ৰীয়ৰ বিভাজনে কোষৰ সংগঠনৰ দুটা অতি পৃথক স্তৰক সূচায়। এক্সট্ৰিম'ফিল আৰু মিথানোজেনৰ দৰে প্ৰ'কোষকেন্দ্ৰীয় কঠিন বা চৰম পৰিবেধত বাস কৰে।

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors