dcsimg

নাহৰফুটুকী বাঘ ( Assamese )

provided by wikipedia emerging languages

নাহৰফুটুকী বাঘ (ইংৰাজী: Leopard, বৈজ্ঞানিক নাম: Panthera pardus) ফেলিডি (Felidae) গোত্ৰৰ বৃহৎ মেকুৰী (big cat)ৰ চাৰিটা প্ৰজাতিৰ আটাইতকৈ সৰু সদস্য৷ বাকী তিনিটা হৈছে ঢেকীয়াপতীয়া বাঘ, সিংহ আৰু জাগুৱাৰ (jaguar)৷ পূৰ্বতে নাহৰফুটুকী বাঘ আফ্ৰিকাৰ দক্ষিণ আফ্ৰিকা জুৰি বিস্তৃত আছিল যদিও বৰ্তমান বাসস্থানৰ অভাৱ তথা চোৰাংচিকাৰৰ ফলত ইয়াৰ বিস্তৃতি বহুখিনি হ্ৰাস পাইছে৷ বৰ্তমান ইয়াক প্ৰধানকৈ আফ্ৰিকাৰ দেখা পোৱা যায়৷ ইয়াৰ দ্ৰুত জনসংখ্যা হ্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি নাহৰফুটুকী বাঘক আই.ইউ. চি. এনৰ ৰেড লিষ্টত বিপথগামী (Near Threatened) বুলি অভিহিত কৰা হৈছে৷[1]

বিৱৰণ

 src=
Rear view of female leopard. Note ocelli—the white spots on the back of the ears are used to communicate with other leopards.
The pug mark of Panthera pardus fusca(Meyer), 1794-Indian leopard WLB DSC 0252.jpg

নাহৰফুটুকী বাঘ এবিধ দ্ৰুতগামী আৰু সদাসতৰ্ক (agile and stealthy) ভক্ষক (predator)৷ পেন্থেৰা (Panthera') গোত্ৰৰ অন্য জন্তু সমূহতকৈ ই আকাৰত সৰু যদিও ইহঁতে শক্তিশালী মাংসপেশী (jaw muscles) ৰ বাবে ডাঙৰ জন্তুও আহাৰ হিচাপে গ্ৰহণ কৰিব পাৰে৷ দেহৰ দৈৰ্ঘ্য ৯৫-১৬৫ ছে:মি: আৰু নেজৰ দৈৰ্ঘ্য ৬০-১১০ ছে: মি: পৰ্য্যন্ত হব পাৰে৷ [2] মতা বাঘ বাঘিনীতকৈ আকাৰত ডাঙৰ৷[3]

দেহৰ বৰণ (coat color) আৰু আঁচ (rosette patterns)ৰ ক্ষেত্ৰত নাহৰফুটুকী বাঘৰ মাজত যথেষ্ট ভিন্নতা দেখা যায়৷ হালধীয়া ছালখন মৰুভূমি অঞ্চলৰ নাহৰফুটুকী বাঘৰ ক্ষেত্ৰত শেঁতা হোৱাৰ বিপৰীতে চিৰসেউজীয়া বনাঞ্চলৰ বাঘৰ ক্ষেত্ৰত গাঢ় সোণালী হোৱা দেখা যায়৷ সাধাৰণতে পেট অংশৰ নোমৰ বৰণ দেহৰ অন্যান্য অংশতকৈ পাতল হয়৷[4]

টেক্সনমি তথা ক্ৰমবিৱৰ্তন

১৭৫৮ চনত প্ৰকাশিত লিনিয়াছ (Carl Linnaeus) ৰ Systema Naturae গ্ৰন্থৰ দশম প্ৰকাশনত বৰ্ণনা কৰা আধুনিক জৈৱবৈজ্ঞানিক শ্ৰেণীবিভাজন পদ্ধতি অনুসৰি উল্লিখিত প্ৰাণীসমূহৰ ভিতৰত নাহৰফুটুকী বাঘ অন্যতম৷ লিনিয়াছে ইয়াক ফেলিছ (Felis) গোত্ৰৰ অন্তৰ্ভুক্ত কৰছিল৷[5] তথ্য অনুসৰি ফেলিডি (Felidae) গোত্ৰৰ ১১ মিলিয়ন বৰ্ষৰ পূৰ্বে বিভাজন আৰম্ভ হয়৷ সিংহ, ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, জাগুৱাৰ, গোধাফুটুকী বাঘ (snow leopard) আৰু clouded leopard ৰ মূল পূৰ্বপুৰুষ ৬.৩৭ মিলিয়ন বছৰৰ আগতে উদ্ভৱ হৈছিল বুলি জনা যায়৷ পেন্থেৰা (Panthera)গোত্ৰৰ এছিয়াত উদ্ভৱ হৈছিল আৰু তাৰ পিছতেই নাহৰফুটুকী বাঘ আৰু বাকী মেকুৰী প্ৰজাতি সমূহৰ আফ্ৰিকালৈ প্ৰব্ৰজন ঘটে৷ [6]

ক্ৰমবিৱৰ্তনৰ বিশ্লেষণ অনুসৰি নাহৰফুটুকী বাঘ সিংহৰ সৈতে ওচৰ বংশোদ্ভৱ (closely related)৷ [7] অৱশ্যে শেহতীয়াকৈ মাইট'কণ্ড্ৰিয়াৰ ডি. এন. এৰ অন্য এটা গৱেষণাই প্ৰকাশ কৰিছে যে নাহৰফুটুকী বাঘ আৰু গোধাফুটুকী বাঘ (snow leopard) হে ওচৰ সম্পৰ্কীয়৷ [8]

বৰ্তমানলৈকে নাহৰফুটুকী বাঘৰ নটা উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে৷ আই. ইউ. চি. এনৰ স্বীকৃতি প্ৰাপ্ত এই উপ-প্ৰজাতি সমূহ হ'ল-[9]

  • আফ্ৰিকাৰ নাহৰফুটুকী বাঘ (African leopard) (P. p. pardus), (Linnaeus, 1758) — উপ-চাহাৰা আফ্ৰিকা (sub-Saharan Africa);
  • ভাৰতীয় নাহৰফুটুকী বাঘ (Indian leopard) (P. p. fusca), (Friedrich Albrecht Anton Meyer, 1794) — ভাৰত উপমহাদেশ (Indian Subcontinent);
  • জাভাৰ নাহৰফুটুকী বাঘ (Javan leopard) (P. p. melas), (Georges Cuvier|Cuvier, 1809) — জাভা, ইণ্ডোনেছিয়া
  • আৰবিয়ান নাহৰফুটুকী বাঘ (Arabian leopard) (P. p. nimr), (Wilhelm Hemprich|Hemprich আৰু Christian Gottfried Ehrenberg|Ehrenberg, 1833) — আৰৱ (Arabian Peninsula);
  • আমোৰ নাহৰফুটুকী বাঘ (Amur leopard) (P. p. orientalis), (Hermann Schlegel|Schlegel, 1857) — কোৰিয়া (Korean), উত্তৰ-পূব চীন (Northeast China)
  • উত্তৰ চিনীয় নাহৰফুটুকী বাঘ (North Chinese leopard) (P. p. japonensis), (John Edward Gray|Gray, 1862) — উত্তৰ চীন
  • ককেছিয়ান নাহৰফুটুকী বাঘ (Caucasian leopard) (P. p. ciscaucasica), (Konstantin Alexeevitsch Satunin|Satunin, 1914)— ককেছাছ (Caucasus), টুৰ্কমেনিষ্টান (Turkmenistan) আৰু ইৰাণ[10]
  • ইণ্ডো-চাইনীজ নাহৰফুটুকী বাঘ (Indochinese leopard) (P. p. delacouri), (Pocock, 1930) — দক্ষিণ-পূব এছিয়া
  • শ্ৰীলংকাৰ নাহৰফুটুকী বাঘ (Sri Lankan leopard) (P. p. kotiya), (Paules Edward Pieris Deraniyagala|Deraniyagala), 1956) —শ্ৰীলংকা

তাৰোপৰি নাহৰফুটুকীৰ খোলা (skull) ৰ বাহ্যিক গঠনগত এটা গৱেষণাত আৰু দুটা উপ-প্ৰজাতি যোগ কৰা হৈছে[10]

  • আনাত'লিয়ান নাহৰফুটুকী বাঘ (Anatolian leopard) (P. p. tulliana), (Achille Valenciennes|Valenciennes, 1856) —তুৰ্কী
  • বেল'কিষ্টান নাহৰফুটুকী বাঘ (Balochistan leopard) (P. p. sindica), (Pocock, 1930) —পাকিস্তান, আফগানিস্তান আৰু ইৰাণ৷

বিতৰণ তথা বসতিস্থল

বনৰীয়া মেকুৰীৰ প্ৰজাতি সমূহৰ ভিতৰত নাহৰফুটুকী বাঘ আটাইতকৈ বহুলভাৱে বিস্তৃত প্ৰজাতি৷ ই আফ্ৰিকা মহাদেশত ভিন্ন বসতিস্থলত বাস কৰে৷ অৱশ্যে উত্তৰ আফ্ৰিকাত ইয়াৰ জনবসতি প্ৰায় নোহোৱা হৈ পৰিছে৷ এছিয়া মহাদেশত দক্ষিণ-পশ্চিম আৰু কেন্দ্ৰীয় ভাগত নাহৰফুটুকী সৰু সৰু জনসংখ্যাৰ গোটত বিভক্ত হৈ আছে৷ উত্তৰ-পূব এছিয়াত নাহৰফুটুকী বাঘ বিপথগামী (critically endangered) অৱস্থাত আছে৷ অৱশ্যে ভাৰতবৰ্ষ, দক্ষিণ-পূব এছিয়া আৰু চীনত এই বাঘ বৰ্তমানে বিপদমুক্ত [1]

নাহৰফুটুকী বাঘ সাধাৰণতে ঘাঁহনি (grassland), কাঠনি (woodland) তথা নদীকাষৰীয়া বনাঞ্চল সমূহত পোৱা যায়৷ এই প্ৰজাতিটো প্ৰধানকৈ চাভানা (savanna) আৰু চিৰসেউজীয়া বনাঞ্চল (rainforest) দেখা যায় ৷ নাহৰফুটুকী বাঘ অভিযোজন (adaptation)ত অত্যন্ত পাকৈত আৰু সেয়ে ইয়াক অন্যান্য বাসস্থান যেনে পৰ্ণপাতী অৰণ্যতো নিজকে সুন্দৰকৈ খাপ খুৱাই বসবাস কৰা দেখা যায়৷

আচৰণ

নাহৰফুটুকী বাঘ সাধাৰণতে নিশাচৰ আৰু ই অকলশৰে থাকে৷ [11] বাসস্থান আৰু খাদ্য ভেদে ইয়াৰ আচৰণ ভিন্ন হোৱা দেখা যায়৷ পশ্চিম আফ্ৰিকাত কৰা ৰেডিঅ' ট্ৰেকিং (Radio-tracking) আৰু মল বিশ্লেষণ (scat analysis) ৰ পৰা তথ্য অনুসৰি চিৰসেউজীয়া অঞ্চলৰ নাহৰফুটুকী বাঘৰ দিনত সক্ৰিয় (Diurnal) হোৱাৰ প্ৰবণতা বেছি৷ তদুপৰি ঋতু অনযায়ীও ইহঁতৰ আচৰণৰ পাৰ্থক্য দেখা যায়৷ [12]

 src=
গছত থকা অৱস্থাত এটা নাহৰফুটুকী বাঘ

নাহৰফুটুকী বাঘ গছত বগাব পৰা ক্ষমতাৰ বাবে খ্যাত৷ দিনৰ ভাগত ইহঁতে গছৰ ডালত জিৰণি লৈ থাকে, খাদ্যও গছৰ ওপৰলৈ নি খোৱা দেখা যায়৷ [13] ই সাঁতোৰা, বেগ, আৰু জপিওৱাত খুবেই শক্তিশালী৷ [14] ই কেইবাধৰণৰ মাত (vocalizations) উলিয়াব পাৰে, যেনে- গোঁজৰণি (growls), grunts, roars,meows, আৰু কৰতেৰে কটা ধৰণৰ শব্দ (sawing)৷[15]

 src=
দক্ষিণ আফ্ৰিকাত এজনী বাঘিনী

মতা বাঘৰ বিচৰণ স্থল (Home ranges) 30 বৰ্গ কি.মি. (12 বৰ্গ মাইল) ৰ পৰা 78 বৰ্গ কি.মি. (30 বৰ্গ মাইল) পৰ্যন্ত আৰু বাঘিনীৰ 15. হয়৷[3]তথ্য অনুসৰি মতা বাঘৰ বিচৰণ স্থল বাঘিনীটকৈ ডাঙৰ হয়৷ মতা বাঘৰ বিচৰণ স্থলী মাজত সাধাৰণতে উপৰা-উপৰি (overlap) নহয়৷ কিন্তু মতা- মাইকীৰ মাজত হয়৷ ৰেডিঅ' কলাৰৰ যোগেদি কৰা এটা গৱেষণাত বাঘিনীৰ বিচৰণস্থলী সম্পূৰ্ণকৈ মতা বাঘৰ বিচৰণস্থলীৰ ভিতৰতে পৰা দেখা গৈছিল৷[16][17]

নাহৰফুটুকী বাঘ সুযোগসন্ধানী চিকাৰী (opportunistic hunters) আৰু ইয়াৰ খাদ্য বিভিন্ন৷ ই গুবৰুৱা (dung beetles) ৰ পৰা আৰম্ভ কৰি বৃহৎ তৃণভোজী প্ৰাণী লৈকে সকলো খাব পাৰে৷ [3] নাহৰফুটুকী বাঘে সাধাৰণতে তৃণভোজী প্ৰাণী, বান্দৰ, নিগনি (rodent), সৰীসৃপ (reptile), উভচৰ (amphibian), চৰাই-চিৰিকটি আদি খাদ্য হিচাপে গ্ৰহণ কৰে৷[18] ই নীৰৱে চিকাৰক আক্ৰমণ কৰে আৰু ডিঙিত দ্ৰুত কামোৰ বহুৱাই হত্যা কৰে৷ [19]

নাহৰফুটুকী বাঘৰ প্ৰজননৰ সময় ঠাই ভেদে বেলেগ বেলেগ হ'লেও ই সাধাৰণতে বছৰজুৰি প্ৰজনন কৰিব পাৰে৷ [20] [21] এবাৰত ২ টাৰ পৰা ৪ টাকৈ পোৱালি জন্ম হয়৷ [22]

মানুহৰ সৈতে সম্পৰ্ক

 src=
A mosaic depicting Dionysus on a leopard. 4th century BC. Pella, Greece.

ইতিহাসৰ পাতত নাহৰফুটুকী বাঘৰ বহুলভাৱে উল্লেখ আছে৷ বহু দেশৰ কলা-কৃষ্টি, লোকগীত আদিত ইয়াৰ বৰ্ণনা পোৱা যায়৷ বৰ্তমান আফ্ৰিকাত ইয়াক খেল-ধেমালিত প্ৰতীক হিচাপে ব্যবহাৰ কৰে৷

যদিও সাধাৰণভাৱে স্বাস্থ্যৱান নাহৰফুটুকী বাঘে মানুহক আক্ৰমণ নকৰে কিন্তু আঘাতপ্ৰাপ্ত বা বুঢ়া বাঘে সহজ খাদ্যৰ আশাত মানুহ আক্ৰমণ কৰে৷ পৰ্য্যায়ক্ৰমে ইহঁত মানুহৰ মাংস ভক্ষণত অভ্যস্ত হৈ নৰখাদক হৈ পৰে৷ ভাৰতৰ উল্লেখযোগ্য নৰখাদক নাহৰফুটুকী বাঘৰ ভিতৰত ৰুদ্ৰপ্ৰয়াগৰ নৰখাদক (Leopard of Rudraprayag)' আৰু পানাৰ নৰখাদক (Panar Leopard)নাহৰফুটুকী বাঘে ক্ৰমান্বয়ে ১২৫ আৰু ৪০০ ৰ ওপৰৰ মানুহ হত্যা কৰিছিল৷ [23][24] বিখ্যাত চিকাৰী জিম কৰবেটে দুয়োটা নৰখাদকক মাৰিবলৈ সক্ষম হয়৷ [25]

আলোকচিত্ৰ

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 Henschel, P., Hunter, L., Breitenmoser, U., Purchase, N., Packer, C., Khorozyan, I., Bauer, H., Marker, L., Sogbohossou, E., Breitenmoser-Würsten, C. (2008). "Panthera pardus". IUCN Red List of Threatened Species. Version 2011.2. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/15954.
  2. Boitani, L. (1984). Simon & Schuster's Guide to Mammals. Simon & Schuster/Touchstone Books. ISBN 978-0671428051.
  3. 3.0 3.1 3.2 Nowell, K.; Jackson, P. (1996). "Leopard Panthera pardus (Linnaeus, 1758)". Wild Cats: status survey and conservation action plan. প্ৰকাশক Gland, Switzerland: IUCN/SSC Cat Specialist Group. http://lynx.uio.no/lynx/catsgportal/cat-website/catfolk/ssaprd01.htm.
  4. "Jaguar (Panthera onca)". Our animals. Akron Zoo. http://www.akronzoo.org/learn/jaguar.asp। আহৰণ কৰা হৈছে: 27 March 2010.
  5. Linnaeus, C. (1760). Caroli Linnæi Systema naturæ per regna tria naturæ, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. I. প্ৰকাশক Halae Magdeburgicae. পৃষ্ঠা. 41. http://www.archive.org/stream/carolilinnaeisys11linn#page/n96/mode/1up.
  6. Johnson, W. E.; Eizirik, E.; Pecon-Slattery, J.; Murphy, W. J.; Antunes, A.; Teeling, E.; O'Brien, S. J. (2006). "The Late Miocene radiation of modern Felidae: A genetic assessment". Science খণ্ড 311 (5757): 73–7. doi:10.1126/science.1122277. PMID 16400146.
  7. Bininda-Emonds, O. R. P.; Decker-Flum, D. M. (2001). "The utility of chemical signals as phylogenetic characters: an example from the Felidae". Biological Journal of the Linnean Society খণ্ড 72: 1–15. doi:10.1111/j.1095-8312.2001.tb01297.x. Archived from the original on 2008-12-17. http://web.archive.org/web/20081217173748/http://www.personal.uni-jena.de/~b6biol2/Publications/FatCats.pdf। আহৰণ কৰা হৈছে: 2008-06-07.
  8. Yu, L.; Zhang, Y. P. (2005). "Phylogenetic studies of pantherine cats (Felidae) based on multiple genes, with novel application of nuclear beta-fibrinogen intron 7 to carnivores" (PDF). Molecular Phylogenetics and Evolution খণ্ড 35 (2): 483–95. doi:10.1016/j.ympev.2005.01.017. PMID 15804417. Archived from the original on 2 January 2012. http://www.webcitation.org/64OWLaPAD.
  9. Miththapala, Sriyanie; Seidensticker, John; O'Brien, S. J. (August 1996). "Phylogeographic Subspecies Recognition in Leopards (P. pardus): Molecular Genetic Variation". Conservation Biology খণ্ড 10 (4): 1115–1132. doi:10.1046/j.1523-1739.1996.10041115.x. http://doi.org/10.1046/j.1523-1739.1996.10041115.x। আহৰণ কৰা হৈছে: 6 June 2008.
  10. 10.0 10.1 Khorozyan, I. G., Gennady, F., Baryshnikov, G. F. and Abramov, A. V. (2006) Taxonomic status of the leopard, Panthera pardus (Carnivora, Felidae) in the Caucasus and adjacent areas. Russian Journal of Theriology 5(1): 41–52
  11. Hunter, L.; Balme, G.; Walker, C.; Pretorius, K.; Rosenberg, K. (2003). "The landscape ecology of leopards (Panthera pardus) in northern KwaZulu-Natal, South Africa: A preliminary project report". Ecological Journal খণ্ড 5: 24–30. Archived from the original on 2006-08-19. http://web.archive.org/web/20060819032233/http://www.biolsci.monash.edu.au/research/leopards/docs/ecojournal-2003.pdf.
  12. Jenny, D., Zuberbühler, K. (September 2005). "Hunting behaviour in West African forest leopards". African Journal of Ecology খণ্ড 43 (3): 197–200. doi:10.1111/j.1365-2028.2005.00565.x. http://doi.org/10.1111/j.1365-2028.2005.00565.x.
  13. "Leopard (Panthera pardus); Physical characteristics and distribution". Comparative Mammalian Brain Collections. http://brainmuseum.org/Specimens/carnivora/leopard/index.html.
  14. "Animal bytes – Panthera pardus". Sea World. http://www.seaworld.org/animal-info/Animal-bytes/animalia/eumetazoa/coelomates/deuterostomes/chordata/craniata/mammalia/carnivora/leopard.htm। আহৰণ কৰা হৈছে: 6 June 2008.
  15. Estes, R. (1991). The Behavior Guide to African Mammals, Including Hoofed Mammals, Carnivores, Primates. প্ৰকাশক Los Angeles: The University of California Press.
  16. Jenny, D. (1996). "Spatial organization of leopards Panthera pardus in Tai National Park, Ivory Coast: Is rainforest habitat a "tropical haven"?". Journal of Zoology খণ্ড 240 (3): 427–440. doi:10.1111/j.1469-7998.1996.tb05296.x. http://md1.csa.com/partners/viewrecord.php?requester=gs&collection=ENV&recid=4026878&q=Panthera+pardus+habitat&uid=1040057&setcookie=yes.
  17. Odden, M., Wegge, P. (2005). "Spacing and activity patterns of leopards Panthera pardus in the Royal Bardia National Park, Nepal". Wildlife Biology খণ্ড 11 (2): 145–152. doi:10.2981/0909-6396(2005)11[145:SAAPOL]2.0.CO;2. ISSN 0909-6396. http://wild-cat.org/pardus/infos/Odden+Wegge2005-Leopards-spacing+activity-BardiaNP.pdf.
  18. "Leopard savaging a crocodile caught on camera". The Telegraph. 18 July 2011. http://www.telegraph.co.uk/earth/earthnews/3347532/Leopard-savaging-a-crocodile-caught-on-camera.html.
  19. Schaller, G. (1972). Serengeti: a kingdom of predators. প্ৰকাশক New York: Knopf. ISBN 039447242X.
  20. Sadleir, R. (1966). "Notes on the Reproduction of the larger Felidae". International Zoo Yearbook: Vol 6. Zoological Society of London. পৃষ্ঠা. 184–87.
  21. Hemmer, H. (1976). "Gestation period and postnatal development in felids. Pp 143–165 in R.L. Eaton, ed.". The world’s cats. Vol 3. Carnivore Research Institute, Univ. Washington, Seattle.
  22. Eaton, R.L. (1977). "Reproductive biology of the leopard". Zoologischer Garten খণ্ড 47 (5): 329–351.
  23. Hart, Donna; Robert W. Sussman (2005). Man the Hunted: Primates, Predators, and Human Evolution. Westview Press. ISBN 0813339367.
  24. Tougias, p.147
  25. Capstick, Peter Hathaway (1978). Death in the Long Grass. St. Martin's Press. ISBN 0312186134.

অন্যান্য উৎস

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

নাহৰফুটুকী বাঘ: Brief Summary ( Assamese )

provided by wikipedia emerging languages

নাহৰফুটুকী বাঘ (ইংৰাজী: Leopard, বৈজ্ঞানিক নাম: Panthera pardus) ফেলিডি (Felidae) গোত্ৰৰ বৃহৎ মেকুৰী (big cat)ৰ চাৰিটা প্ৰজাতিৰ আটাইতকৈ সৰু সদস্য৷ বাকী তিনিটা হৈছে ঢেকীয়াপতীয়া বাঘ, সিংহ আৰু জাগুৱাৰ (jaguar)৷ পূৰ্বতে নাহৰফুটুকী বাঘ আফ্ৰিকাৰ দক্ষিণ আফ্ৰিকা জুৰি বিস্তৃত আছিল যদিও বৰ্তমান বাসস্থানৰ অভাৱ তথা চোৰাংচিকাৰৰ ফলত ইয়াৰ বিস্তৃতি বহুখিনি হ্ৰাস পাইছে৷ বৰ্তমান ইয়াক প্ৰধানকৈ আফ্ৰিকাৰ দেখা পোৱা যায়৷ ইয়াৰ দ্ৰুত জনসংখ্যা হ্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি নাহৰফুটুকী বাঘক আই.ইউ. চি. এনৰ ৰেড লিষ্টত বিপথগামী (Near Threatened) বুলি অভিহিত কৰা হৈছে৷

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors